মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অগ্নি আৰু আপদকালীন সেৱা

আমাৰ ইতিহাস

  • শ্বিলং আৰু শিলচৰৰ পৌৰ পৰিষদৰ অন্তৰ্ভুক্ত হৈ থকা অগ্নি ষ্টেচনসমূহৰ দায়িত্ব অসম চৰকাৰে গ্ৰহণ কৰাৰ পিছতেই ১৯৫৬ চনত অসম অগ্নি সেৱা সংগঠনৰ জন্ম হয়। পৰৱৰ্তী সময়ত ১/৫/১৯৫৯ ত আৰক্ষী অধীক্ষক তথা অগ্নি সেৱা উপদেষ্টা শ্ৰেণীৰ বিষয়াৰ নিযুক্তিৰে এই সংগঠন অসম আৰক্ষী বিভাগৰ সৈতে লগ লগোৱা হয়। পিছত ১৯৮৩ চনত ডিআইজি পদৰ বিষয়াৰ নিযুক্তিৰে অগ্নি সেৱা সঞ্চালকলৈ লৈ এই পদৰ উত্তৰণ ঘটোৱা হয়। অগ্নি সেৱাৰ সৈতে এছডিআৰএফ যুক্ত হোৱাৰ পিছত ২০১৩ চনত ইয়াৰ নামকৰণৰ সংস্কাৰ সাধন হৈ অগ্নি আৰু আপদকালীন সেৱা সঞ্চালকালয় হয়। বৰ্তমানে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিষয়াই এই সংগঠনৰ মুৰব্বীৰ দায়িত্ব পালন কৰে।