দ্ৰুত নগৰীকৰণ, জনসংখ্যাৰ নিৰন্তৰ বৃদ্ধি আৰু দ্ৰুতগতিত উদ্যোগীকৰণৰ লগে লগে সমাজত অগ্নি আৰু আপদকালীন সেৱাৰ গুৰুত্বও দ্ৰুতগতিৰে বৃদ্ধি পাবলৈ ধৰে। এক ৰাষ্ট্ৰীয় জৰীপৰ জৰিয়তে এয়া নিশ্চিত কৰা হয় যে নগৰ অঞ্চলত প্ৰতি দহ বৰ্গকিলোমিটাৰত এটাকৈ ফায়াৰ ষ্টেচনৰ প্ৰয়োজন আৰু গ্ৰাম্য অঞ্চলত প্ৰতি ৫০ কিলোমিটাৰৰ অন্তৰে অন্তৰে এটাকৈ ফায়াৰ ষ্টেচন স্থাপন কৰাৰ প্ৰয়োজন। এনেকৈ ৰাজ্যত ফায়াৰ ষ্টেচনৰ প্ৰকৃত প্ৰয়োজনীয়তাৰ সাংখ্যিক হিচাপ ১৪০০ টা কিন্তু বৰ্তমানে ইয়াৰ সাংখ্যিক শক্তি মাত্ৰ ৯০ টা। ৰাজ্য চৰকাৰে পুঁজিৰ দিশটো বিবেচনা কৰি খণ্ডিত ৰূপত নতুন ফায়াৰ ষ্টেচনৰ অনুমোদন জনাই আহিছে।
অগ্নি আৰু আপদকালীন সেৱাই অগ্নিকাণ্ডৰ দৰে দুৰ্যোগপূৰ্ণ পৰিস্থিতিতেই যে যুঁজ কৰে তেনে নহয় ই অগ্নিকাণ্ডৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপৰিও অনুসন্ধান, উদ্ধাৰ অভিযান আৰু দুৰ্যোগ প্ৰশমন কাৰ্য্য সম্পাদন কৰে। জিলা পৰ্যায়ত প্ৰশাসনৰ অন্য বিভাগসমূহৰ সৈতে ইয়াৰ সমন্বয় সাধনৰ জৰুৰী প্ৰয়োজনীয়তা আছে আৰু সেই নিমিত্তে প্ৰতিটো জিলা মুখ্য কাৰ্য্যালয়ৰ বাবে এটা জিলা অগ্নি বিষয়াৰ পদৰ লগতে কেইটামান প্ৰায়োগিক বিষয়াৰ পদ সৃষ্টি কৰাৰ প্ৰস্তাৱ দাখিল কৰা হয়।
ভৌগোলিকভাৱে অসম উচ্চ ভূমিকম্পপ্ৰৱণ অঞ্চল যি পঞ্চম ভূমিকম্প ক্ষেত্ৰৰ অন্তৰ্ভুক্ত। প্ৰাকৃতিক বা মানৱ সৃষ্ট যিকোনো দুৰ্যোগৰ সময়ত আৰক্ষী বাহিনীৰ সদস্যৰ সৈতে অগ্নি সেৱা বিভাগৰ বিষয়াসকলেই প্ৰথমে সঁহাৰি জনায়। দুৰ্যোগ প্ৰশমনৰ দিশত আমাৰ সামৰ্থ্য শক্তিযে সযত্নে প্ৰতিপালিত হৈছে সেয়া নিশ্চিত কৰিবলৈ আধুনিক সা-সৰঞ্জাম আৰু সঁজুলিৰ লগতে প্ৰয়োজনীয় সম্পদসমূহ উপলব্ধ কৰাৰ প্ৰয়োজন আছে।
এই সুবিধা উপলব্ধ কৰোৱাৰ আমাৰ প্ৰচেষ্টা অবিৰতভাৱে অব্যাহত আছে আৰু ২০২০ চনলৈ ২৫০ ৰ ওচৰলৈ অগ্নি আৰু আপদকালীন সেৱা ষ্টেচন স্থাপন কৰি প্ৰায় ৫০০০ বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ জনতাক সেৱা প্ৰদানৰ সৰ্বোচ্চখিনি প্ৰদান কৰিব পৰাকৈ ডাঙৰ আৰু সুদক্ষ সংগঠন গঠন কৰাৰ লক্ষ্য স্থিৰ কৰিছোঁ।