Home ❯
কৰিবলগীয়া আৰু নকৰিবলগীয়া
কৰিবলগীয়া
- ভাল গৃহস্থালি।
- ধূমপানৰ সময়ত এষ্ট্ৰে ব্যৱহাৰ কৰক আৰু শেষ হোৱাৰ পিছত টুকুৰাবোৰ নুমুৱাৰ পিছতহে পেলাব।
- বৰ্জনীয় বস্তুৰ স্থলীসমূহ নিৰ্ধাৰিত সময়ৰ মূৰে মুৰে খালি কৰা উচিত।
- সঠিক জোখৰ ইলেক্ট্ৰিক তাঁৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰা উচিত।
- বেয়া হৈ যোৱা ইলেক্ট্ৰিক সামগ্ৰী অনতিপলমে মেৰামতি বা সলনি কৰক।
- ইলেক্ট্ৰিকেল নিৰাপত্তা সামগ্ৰীসমূহ ভালদৰে কাম কৰি আছে নে নাই পৰীক্ষা কৰি থাকিব লাগে।
- জালাই মৰা/কাটা কামসমূহ বিশেষকৈ য’ত ইলেক্ট্ৰিক সামগ্ৰী ব্যৱহাৰ হয়, সেই কামসমূহ বিশেষ নিৰাপত্তাসহ কৰিব লাগে।
- ঘৰৰ পৰা বাহিৰলৈ ওলোৱা সময়ত সদায় গেছৰ চিলিণ্ডাএঅ তথা অন্যান্য জুই বিয়পিব পৰা সামগ্ৰীসমূহ বন্ধ আছেনে নাই পৰীক্ষা কৰিব লাগে।
- জুই লাগিলে পলাব পৰা ঠাইৰ সন্মুখৰ বাধাসমূহ আতৰাই ৰাখিব লাগে।
- নিয়মিত সময়ৰ অন্তৰালত নিঃসৰণ অভ্যাসসমূহ কৰাই থাকিব লাগে।
- বাসিন্দাসকলক অগ্নি নিৰ্বাপন সম্পৰ্কে প্ৰাথমিক শিক্ষা প্ৰদান কৰিব লাগে।
- জৰুৰীকালীন সংগঠন গঠন কৰা উচিত।
- জুই নিৰ্বাপনৰ বাবে জৰুৰী সৰঞ্জামসমূহ উচ্চ নিৰাপত্তাৰ হোৱা উচিত তথা সময়ে সময়ে সৰঞ্জামসমূহ পৰীক্ষা কৰি থকাটো বাঞ্চনীয়।
নকৰিবলগীয়া
- চিগাৰেটৰ জ্বলি থকা টুকুৰাবোৰ য’তে ত’তে নেপেলাব।
- একেখন বোৰ্ডতে অনেক বৈদ্যুতিক যন্ত্ৰ-পাতি সংযোগ নকৰিব।
- গেছ চিলিণ্ডাৰৰ নিয়মসমূহ নমনাকৈ গেছ সংৰক্ষণ নকৰিব।
- ফায়াৰ ডিটেক্টৰৰ ওপৰত কোনো ধৰণৰ পেইণ্ট ব্যৱহাৰ নকৰিব।
- অগ্নি নিৰ্বাপন সৰঞ্জামৰ মেৰামতিৰ ক্ষেত্ৰত কোনো অনভিজ্ঞ লোকৰ সহায় গ্ৰহণ নকৰিব।
- জুই নিৰ্বাপন প্ৰক্ৰিয়াক প্ৰাধান্যতা প্ৰদান কৰক।
- জুই লগাৰ খবৰ/সন্ধান পোৱাৰ পিছত আৰাম কৰি বহি নাথাকিব বৰঞ্চ জুই খিনি নুমুৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক।