অগ্নি উপস্থিতি প্ৰমাণপত্ৰ বা এফ এ চি উলিওৱাৰ ক্ষেত্ৰত অগ্নি আৰু আপদকালীন সেৱা, অসমৰ সঞ্চালকে সেৱা প্ৰদান কৰে। অগ্নি আৰু আপদকালীন সেৱা, অসমৰ সঞ্চালক বা তেওঁ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা কৰ্তৃত্বশীল বিষয়াই অগ্নি উপস্থিতি প্ৰমাণপত্ৰ বা এফ এ চি উলিয়াই দিয়ে।
ক) তেওঁ ভাৰতৰ সাধাৰণ নাগৰিক হ’ব লাগিব।
খ) সূচী ২ ত দিয়া হোৱা আবেদন পত্ৰত মান প্ৰ-পত্ৰই নিৰ্ধাৰণ কৰি দিয়া অনুসৰি প্ৰয়োজনীয় নথিপত্ৰ পূৰ কৰা।
এই সেৱা বিনামূলীয়া
জুইত জাহ যোৱা সম্পত্তিৰ চমু বিৱৰণ:
(ক) অট্টালিকাৰ নিৰ্মাণ প্ৰকৃতি।
(খ) অট্টালিকাৰ উচ্চতা।
(গ) মজিয়া সংখ্যা।
(ঘ) আৱৰি থকা মজিয়া ক্ষেত্ৰ।
(ঙ) অভ্যন্তৰত থকা বস্তুসমূহৰ বিৱৰণ।
সংঘটিত অগ্নিৰ ঘটনাৰ সৈতে জড়িত তথ্যগত তথা প্ৰামাণিক বিষয় :-
(ক) অট্টালিকাৰ হোল্ডিং নম্বৰ।
(খ) বীমা।
(গ) অগ্নি সুৰক্ষাৰ অনাপত্তি প্ৰমাণপত্ৰ/ব্যৱসায় অনুজ্ঞাপত্ৰ নতুবা সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰদান কৰা যিকোনো অনুজ্ঞাপত্ৰ।
কাৰ্য্যালয়ৰ কৰ্মদিনৰ সাত দিনৰ ভিতৰত ফায়াৰ এটেনডেন্স চাৰ্টিফিকেট বা অগ্নি উপস্থিতি প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
মান আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰি লৈ পূৰ কৰি বিভাগত দাখিল কৰিব লাগে।
এই সেৱাৰ প্ৰকাৰ অফলাইন
| Schedule II | আবেদন পত্ৰ | ডাউনলোড |
সঞ্চালক, অগ্নি আৰু আপদকালীন সেৱা