মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অগ্নি আৰু আপদকালীন সেৱা

অগ্নি সুৰক্ষাৰ নিয়মসমূহ

শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে অগ্নি সুৰক্ষা

শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে অগ্নি সুৰক্ষা

অগ্নি সুৰক্ষা ব্যৱস্থা আৰু পূৰ্ব পৰিকল্পনাই বহু জীৱন ৰক্ষা কৰিব পাৰে। যদি আপোনাৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় তেতিয়া ইয়াৰ পৰা ৰক্ষা পোৱাৰ সুযোগ নিৰ্ভৰ কৰিব কিমান ক্ষিপ্ৰতাৰে আৰু নিৰাপদে আপুনি তাৰপৰা ওলাই যাবলৈ সক্ষম হয় তাৰ ওপৰত। এই পুস্তিকাত কেনেকৈ অগ্নি প্ৰতিৰোধ কৰিব লাগে আৰু অগ্নিকাণ্ডৰ ঘটনাত কেনেকৈ নিজকে সুৰক্ষিত ৰাখিব লাগে এই বিষয়ত পৰামৰ্শ প্ৰদান কৰা হয়।

সোনকাল সতৰ্কীকৰণৰ বাবে ধোঁৱা ডিটেক্টৰ

  1. অগ্ৰণী সতৰ্কবাণীৰ ধ্বনি প্ৰদান কৰি ধোঁৱাৰ এলাৰ্মে আপোনাক হাতত সময় থাকোঁতেই সতৰ্ক কৰি দিব পাৰে। ফলত আপুনি সপৰিয়ালে নিৰাপদে ঘৰৰ বাহিৰলৈ ওলাই যাব পাৰিব।
  2. ধোঁৱা এলাৰ্ম বজাৰত উপলব্ধ আৰু ইয়াক স্থাপন কৰাটোও সহজ। ভাৰতীয় মান সম্পন্ন এটি এলাৰ্ম নিৰ্বাচন কৰি লওক।
  3. এই এলাৰ্ম কেনেকৈ লগাব লাগে সেয়া জানিবলৈ প্ৰস্তুতকৰ্তাৰ নিৰ্দেশনা অনুসৰণ কৰক।
  4. শ্ৰৱণ বাধাগ্ৰস্ত লোকসকলৰ বাবে ধোঁৱা এলাৰ্মৰ ব্যৱস্থা।
  5. যিসকল লোকে প্ৰচলিত ধোঁৱা এলাৰ্ম শুনাৰ ক্ষেত্ৰত বাধাগ্ৰস্ত তেওঁলোকৰ বাবে বিশেষ যন্ত্ৰ উপলব্ধ য’ত কম্পনৰ সৃষ্টি হয় বা লাইট জ্বলি উঠে। কম্পন হোৱা এলাৰ্ম যন্ত্ৰ বিশেষকৈ কলা আৰু অন্ধ লোকৰ বাবে উপযোগী।

অগ্ৰণী পৰিকল্পনাই ৰক্ষাৰ পথ

  1. যদি আপোনাৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় তেতিয়া আপুনি অন্ধকাৰ আৰু জটিল অৱস্থাৰ মাজত ঘৰৰ পৰা ওলাবলগীয়া হ’ব পাৰে। অগ্নিকাণ্ডৰ অৱস্থাৰ পৰা ৰক্ষা পোৱাটো সহজসাধ্য হ’ব যেতিয়া আপুনি আগতীয়াকৈ ইয়াৰ পৰা ৰক্ষা পোৱাৰ বাবে পৰিকল্পনা যুগুত কৰে আৰু জানি উঠে তেনে পৰিস্থিতিত ক’লৈ যাব লাগিব।:
  2. আপোনাৰ পৰিকল্পিত ৰক্ষা পথ যে বাধামুক্ত সেয়া নিশ্চিত হওক। সেই পথত যে কোনো ঢিলা হৈ থকা মজিয়া আৱৰণ নাই যিয়ে আপোনাক পেলাব পাৰে সেই কথাও নিশ্চিত হৈ লওক।
  3. আপোনাৰ যদি ঘূৰা ফুৰাত জটিল সমস্যা আছে তেনেহ’লে আপোনাৰ শয়ন কক্ষ ভূমি মহলাত স্থাপনৰ কথা বিবেচনা কৰিব পাৰে। তেনে নহ’লে প্ৰস্থান দ্বাৰৰ ওচৰৰ স্থানত শয়ন কক্ষৰ স্থান হোৱাটো উচিত।
  4. আপুনি ৰক্ষা পাবলৈ যদি আপোনাক সহায়তাৰ প্ৰয়োজন হয় তেতিয়া আপুনি বিপদত পৰাৰ বিষয়ে অৱগত কৰিবলৈ আপোনাৰ বিছনাৰ ওচৰত ইণ্টাৰকম টেলিফোনৰ ব্যৱস্থা কৰি ল’ব পাৰে। ইয়াৰ বাবে অন্য পদ্ধতিও উপলব্ধ যিয়ে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ টেলিফোনত সংখ্যা ডায়েল কৰি নিয়ন্ত্ৰণ কক্ষলৈ সংকেত প্ৰেৰণ কৰিব।

অগ্নিকাণ্ডৰ ক্ষেত্ৰত কৰিবলগীয়া

  1. যদি সম্ভৱপৰ হয় কোঠাৰ দুৱাৰ বন্ধ কৰি দিয়ক। সকলো দুৱাৰ বন্ধ কৰি সেই স্থান ত্যাগ কৰক। এই ব্যৱস্থাই ধোঁৱা আৰু জুই সিঁচৰতি হোৱা কাৰ্য্যত পলম কৰিব।
  2. এখন বন্ধ দুৱাৰ খোলাৰ সময়ত ইয়াক চুবলৈ আপোনাৰ হাতৰ পাচফালৰ অংশ ব্যৱহাৰ কৰক। গৰম অনুভৱ কৰিলে দুৱাৰখন নুখুলিব কাৰণ তেনে অৱস্থাত দুৱাৰৰ সিটোপাৰে জুই থাকিব পাৰে।
  3. যিমান সোনকাল সম্ভৱ সকলোকে বাহিৰলৈ উলিয়াই দিয়ক। মূল্যবান সামগ্ৰী বুটলিবলৈ চেষ্টা কৰি সময় নষ্ট নকৰিব। ভয়াৰ্ত বা উত্তেজিত নোহোৱাকৈ নিজক সুৰক্ষা প্ৰদান কৰি বাহিৰলৈ ওলাই যাওক। এই পৰিকল্পনাই অগ্নি আপোনাৰ ওচৰ চাপি অহাৰ পৰিৱৰ্তে এই দুৰ্যোগৰ পৰা ৰক্ষা পোৱাৰ বাট প্ৰদান কৰিব।
  4. অগ্নি নিৰ্বাপক বাহিনীক খবৰ কৰক। অগ্নিকাণ্ড হোৱা স্থানৰ ঠিকনা তেওঁলোকক স্পষ্টকৈ জনাওঁক। অগ্নি সেৱা বিষয়াই অগ্নিকাণ্ড সংঘটিত হোৱা স্থানলৈ উভতি যোৱাটো সুৰক্ষিত বুলি নজনোৱালৈকে তালৈ উভতি যাব নালাগে।

অগ্নিৰ দ্বাৰা আপুনি বিচ্ছিন্ন হৈ পৰিলে

  1. শান্ত হৈ থাকিবলৈ চেষ্টা কৰক।
  2. জুই বা ধোঁৱাৰ বাবে যদি আপুনি দুৱাৰ ব্যৱহাৰ কৰিবলৈ অসমৰ্থ হয় দুৱাৰ বন্ধ কৰক আৰু যিকোনো মুকলি হৈ থকা স্থান বন্ধ কৰি দিবলৈ বিছনা চাদৰ বা গামোচা ব্যৱহাৰ কৰক। এই কাৰ্য্যৰ দ্বাৰা ধোঁৱা কোঠাটোত বিয়পি পৰাৰ পৰা প্ৰতিৰোধ কৰিব পৰা হয়।
  3. খিড়িকীৰে ওলাই যাবলৈ চেষ্টা কৰক। গোটেই কোঠাটো ধোঁৱাৰে বিয়পি পৰিলে মজিয়াৰে বগাই যাবলৈ চেষ্টা কৰক যাৰ ফলত আপোনাৰ উশাহ-নিশাহ লোৱাটো সহজ হ’ব।
  4. খিড়িকীখন খুলি আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰক যিয়ে অগ্নি নিৰ্বাপক বাহিনীক এই বিষয়ে অৱগত কৰিব পাৰে। অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱালৈ অপেক্ষা কৰক।
  5. কেইমিনিটমানৰ ভিতৰতে অগ্নি নিৰ্বাপক বাহিনী তাত উপস্থিত হ’ব লাগে। কিন্তু আপুনি বহু বিপদ সংকুল অৱস্থাত থাকিলে আৰু আপোনাৰ থকা কোঠাটো বেছি উচ্চ স্থানত অৱস্থিত নহ’লে কুছন, তুলী আদি তললৈ পেলাই দিয়ক যাতে তাৰপৰা জাঁপ মাৰিলে আপুনি তাৰ ওপৰতে পৰি আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে।

অগ্নি কেনেকৈ প্ৰতিৰোধ কৰিব

  1. আটাইবোৰ বৈদ্যুতিক সঁজুলি প্লাগৰ পৰা উলিয়াই ৰাখিব লাগে।
  2. কোনো চিগাৰেটৰ অংশ জ্বলি নথকাটো নিশ্চিত কৰক।
  3. চিগাৰেটৰ ছাই থোৱা ট্ৰে খালী কৰাৰ আগতে সেই পদাৰ্থখিনি ঠাণ্ডা হোৱাটো নিশ্চিত হওক।
  4. মুকলিকৈ জ্বলোৱা জুই অকলে এৰি থৈ নাযাব। তাৰ ওচৰত কোনোবা ব্যক্তিক ৰখিবলৈ কৈহে আঁতৰি যাব।
  5. কোনো নথকা কোঠাৰ দুৱাৰ বন্ধ কৰি ৰাখিব।