মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অগ্নি আৰু আপদকালীন সেৱা

জুই লগা ৰোধ কৰক

কৰিবলগীয়া আৰু নকৰিবলগীয়া

কৰিবলগীয়া

  • ভাল গৃহস্থালি।
  • ধূমপানৰ সময়ত এষ্ট্ৰে ব্যৱহাৰ কৰক আৰু শেষ হোৱাৰ পিছত টুকুৰাবোৰ নুমুৱাৰ পিছতহে পেলাব।
  • বৰ্জনীয় বস্তুৰ স্থলীসমূহ নিৰ্ধাৰিত সময়ৰ মূৰে মুৰে খালি কৰা উচিত।
  • সঠিক জোখৰ ইলেক্ট্ৰিক তাঁৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰা উচিত।
  • বেয়া হৈ যোৱা ইলেক্ট্ৰিক সামগ্ৰী অনতিপলমে মেৰামতি বা সলনি কৰক।
  • ইলেক্ট্ৰিকেল নিৰাপত্তা সামগ্ৰীসমূহ ভালদৰে কাম কৰি আছে নে নাই পৰীক্ষা কৰি থাকিব লাগে।
  • জালাই মৰা/কাটা কামসমূহ বিশেষকৈ য’ত ইলেক্ট্ৰিক সামগ্ৰী ব্যৱহাৰ হয়, সেই কামসমূহ বিশেষ নিৰাপত্তাসহ কৰিব লাগে।
  • ঘৰৰ পৰা বাহিৰলৈ ওলোৱা সময়ত সদায় গেছৰ চিলিণ্ডাএঅ তথা অন্যান্য জুই বিয়পিব পৰা সামগ্ৰীসমূহ বন্ধ আছেনে নাই পৰীক্ষা কৰিব লাগে।
  • জুই লাগিলে পলাব পৰা ঠাইৰ সন্মুখৰ বাধাসমূহ আতৰাই ৰাখিব লাগে।
  • নিয়মিত সময়ৰ অন্তৰালত নিঃসৰণ অভ্যাসসমূহ কৰাই থাকিব লাগে।
  • বাসিন্দাসকলক অগ্নি নিৰ্বাপন সম্পৰ্কে প্ৰাথমিক শিক্ষা প্ৰদান কৰিব লাগে।
  • জৰুৰীকালীন সংগঠন গঠন কৰা উচিত।
  • জুই নিৰ্বাপনৰ বাবে জৰুৰী সৰঞ্জামসমূহ উচ্চ নিৰাপত্তাৰ হোৱা উচিত তথা সময়ে সময়ে সৰঞ্জামসমূহ পৰীক্ষা কৰি থকাটো বাঞ্চনীয়।

 

নকৰিবলগীয়া

  • চিগাৰেটৰ জ্বলি থকা টুকুৰাবোৰ য’তে ত’তে নেপেলাব।
  • একেখন বোৰ্ডতে অনেক বৈদ্যুতিক যন্ত্ৰ-পাতি সংযোগ নকৰিব।
  • গেছ চিলিণ্ডাৰৰ নিয়মসমূহ নমনাকৈ গেছ সংৰক্ষণ নকৰিব।
  • ফায়াৰ ডিটেক্টৰৰ ওপৰত কোনো ধৰণৰ পেইণ্ট ব্যৱহাৰ নকৰিব।
  • অগ্নি নিৰ্বাপন সৰঞ্জামৰ মেৰামতিৰ ক্ষেত্ৰত কোনো অনভিজ্ঞ লোকৰ সহায় গ্ৰহণ নকৰিব।
  • জুই নিৰ্বাপন প্ৰক্ৰিয়াক প্ৰাধান্যতা প্ৰদান কৰক।
  • জুই লগাৰ খবৰ/সন্ধান পোৱাৰ পিছত আৰাম কৰি বহি নাথাকিব বৰঞ্চ জুই খিনি নুমুৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক।