মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অগ্নি আৰু আপদকালীন সেৱা

জুই লগা ৰোধ কৰক

সুৰক্ষা সূচনা তথা সচেতনতা

ওখ অট্টালিকাসমূহত অগ্নি সুৰক্ষা ব্যৱস্থা

ওখ অট্টালিকাত অগ্নি সুৰক্ষা এক অতি গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিবছৰে ওখ অট্টালিকাত অগ্নিকাণ্ডৰ দুৰ্ঘটনা সংঘটিত হৈ সা-সম্পত্তি ধ্বংস হোৱাৰ লগতে মানুহৰ জীৱন বিপদাপন্ন হয়।

ওখ অট্টালিকাৰ আৱাসীসকলৰ বাবে এক পত্ৰিকা প্ৰস্তুত কৰি উলিওৱা হৈছে য’ত অগ্নিকাণ্ড সংঘটিত হ’লে কি কৰিব লাগে সেয়া উল্লেখ কৰা হৈছে। এয়া সাৱধানে আৰু সূক্ষ্মভাৱে পঢ়িব লাগে আৰু অগ্নিকাণ্ড প্ৰতিৰোধ কৰা কৌশলসমূহ ৰূপায়ণ কৰিব লাগে আৰু এই পত্ৰিকা উল্লেখৰ বাবে ৰাখিব লাগে।

ওখ অট্টালিকাসমূহ সুৰক্ষাৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই সজা হয়। অগ্নি প্ৰতিৰোধ কৰিব পৰাকৈয়ে অট্টালিকাসমূহৰ দেৱাল, ফ্লেটসমূহৰ মাজৰ দুৱাৰ, মহলা আৰু মাজৰ পথ (কৰিডৰ) সমূহৰ আৰ্হি প্ৰস্তুত কৰা হয়। ইয়াত ধোঁৱা পৰীক্ষা কৰিব পৰা ব্যৱস্থাও সংৰোপণ কৰা হয়। নেশ্যনেল বিল্ডিং কোড অনুসৰি ওখ অট্টালিকাসমূহত স্মোক ডিটেক্টৰ বা ধোঁৱা পৰীক্ষণ যন্ত্ৰ, পানী ছটিওৱা ফিচকাৰী, অগ্নিকাণ্ডৰ বিৰুদ্ধে যুদ্ধৰ বাবে প্ৰাথমিক চিকিৎসা সঁজুলি সম্ভাৰ, সঠিক পানী যোগান ব্যৱস্থা, অগ্নি পাম্প, ওলাই যাব পৰা পথ, ফায়াৰমেন উত্তোলক, স্বীকৃত বৈদ্যুতিক পদ্ধতি ইত্যাদিৰ ব্যৱস্থা থাকিব লাগে। ওখ অট্টালিকাৰ বাহিৰত অট্টালিকালৈ সোমাই আহিব পৰা পথ আৰু পৰিৱেশৰ এনেধৰণৰ সুব্যৱস্থা কৰা যাতে হ্ৰস্ব সময়ৰ ভিতৰত জৰুৰীকালীন সেৱাৰ গাড়ী আহি ইয়াত উপস্থিত হ’ব পাৰে।

দুৰ্যোগপূৰ্ণ পৰিস্থিতিত বহুক্ষেত্ৰতেই একক পৰিয়ালৰ ক্ষেত্ৰতো একে নিয়মেই খাটে “বাহিৰলৈ ওলাই যোৱা আৰু বাহিৰত থাকা”। কেতিয়াবা কেতিয়াবা অৱশ্যে অগ্নিৰ প্ৰভাৱৰ পৰা নিজকে বচাই ৰাখি অট্টালিকাৰ ভিতৰৰ সুৰক্ষিত স্থানত অৱস্থান কৰি উদ্ধাৰ হ’বৰ বাবে অপেক্ষা কৰি থকাটোৱেই নিৰাপদ উপায়।

অগ্ৰণী পৰিকল্পনা

  • অট্টালিকা পৰিচালনা গোট আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সৈতে আগতীয়াকৈ পৰামৰ্শ কৰা আৰু বিপদৰ সময়ত কৰণীয়খিনি আয়ত্ত কৰা।
  • অগ্নিকাণ্ড হ’বলৈ ধৰা প্ৰত্যক্ষ কৰা মাত্ৰকেই ঘণ্টা বজোৱা আৰু অগ্নি নিৰ্বাপক বাহিনীক এই ঘটনাৰ বিষয়ে তৎক্ষণাৎ অৱগত কৰোৱা। অট্টালিকা আৱাসীসকলৰ উদ্দেশ্যে ৰাজহুৱা প্ৰচাৰ ব্যৱস্থাৰ সুবিধা থাকিলে সেয়া সাৱধানে শুনক আৰু ইয়াত কৰিবলৈ কোৱা অনুসৰি কাম কৰক। ইয়াত আপুনি য’ত আছে তাতে থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হ’ব পাৰে।
  • ধোঁৱা বা অন্য কিবা জুই জ্বলাৰ সংকেত লাভ নকৰালৈকে পৰিত্যাগ পৰিকল্পনা পালন কৰক।

প্ৰস্তুত হওক

  • অট্টালিকাৰ অগ্নিৰ সংকেত ধ্বনিৰ যন্ত্ৰ কোন স্থানত আছে সেয়া জানি লওক আৰু সেয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকি লওক।
  • আপুনি বসবাস কৰা অট্টালিকাৰ অগ্নি সংকেত ধ্বনিৰ শব্দৰ বিষয়ে অৱগত হওক।
  • আপোনাৰ পৰিয়ালৰ সকলো সদস্যই সাৱধান সংকেত ধ্বনি বাজি উঠিলে ক’লৈ যাব লাগিব সেয়াযে জানে এই বিষয়ে নিশ্চিত হওক আৰু আটায়ে লগ লাগি বিপদমুক্ত হোৱাৰ পৰিকল্পনাৰ অনুশীলন কৰক।
  • অট্টালিকা পৰিচালনা গোটে বিপদ নিস্তাৰ প্ৰদৰ্শনী সঠিক স্থানত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ প্ৰদৰ্শন কৰিব লাগে
  • কিছু বিপদ নিস্তাৰ পৰিকল্পনাত অট্টালিকাৰ ভিতৰৰ “নিৰাপদ স্থান” ত আপোনাক অৱস্থান কৰি অগ্নি নিৰ্বাপক বাহিনীৰ মানুহ আহি আপোনাক সেই স্থানৰ পৰা ওলাই যোৱাৰ ব্যৱস্থা কৰি দিয়ালৈ তাতেই অপেক্ষা কৰিবলৈ কোৱা হ’ব পাৰে।
  • আপোনাৰ এপাৰ্টমেণ্টৰ প্ৰতিটো কোঠাৰ পৰা ওলাই যোৱাৰ অন্ততঃ দুটা পথৰ বিষয়ে অৱগত হওক।
  • আপোনাৰ অট্টালিকাত আপুনি বসবাস কৰা স্থানৰ দুৱাৰ আৰু নিকটৱৰ্তী অট্টালিকাৰ প্ৰস্থান দুৱাৰৰ বিষয়ত অৱগত হওক। কাৰণ কেতিয়াবা অন্ধকাৰতো আপুনি অগ্নিকাণ্ডৰ দুৰ্ঘটনাৰ পৰা পলায়ন কৰিবলগীয়া হ’ব পাৰে।
  • কিছুমান ডাঙৰ আৰু ভয়াৱহ অগ্নিকাণ্ডৰ দুৰ্ঘটনাত নিৰাপদ উপায় হৈছে অগ্নিৰ পৰা সুৰক্ষিত থকা আৰু অগ্নি নিৰ্বাপক বাহিনী অহালৈ অপেক্ষা কৰা।

অগ্নি ডিটেক্টৰ, প্ৰাথমিক সাহাৰ্য্য অগ্নি যুঁজ পদ্ধতি

আপোনাৰ অট্টালিকাৰ অগ্নি সুৰক্ষা পদ্ধতি বজাই ৰখাৰ বাবে কোন দায়িত্বশীল সেয়া বিচাৰি উলিয়াওক যেনে – অগ্নি/ধোঁৱা পৰীক্ষণ দ্বাৰ, অগ্নি সংকেত ধ্বনি, জৰুৰীকালীন লাইট জ্বলি উঠা ব্যৱস্থা আৰু অগ্নি নিৰ্বাপনৰ বাবে ফিচকাৰীৰ ব্যৱস্থা ইত্যাদি। ইয়াত কোনো ক্ৰুতি থাকিলে ততালিকে জনাবলৈ দ্বিধা বোধ কৰিব নালাগে। যদি ইয়াৰ ক্ৰুতি ঠিক নহয় তেতিয়া ফায়াৰ ব্ৰিগেডক এই বিষয়ে অৱগত কৰিব লাগে। এই ক্ষেত্ৰত এয়া নিশ্চিত হৈ লওক যাতে আপোনাৰ বসবাস কৰা কক্ষৰ বাহিৰে ভিতৰে কোনো উপাদানেই অগ্নিকাণ্ডৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত প্ৰতিবন্ধক হৈ থিয় নিদিয়ে।

প্ৰস্থান

অগ্নি প্ৰস্থান দ্বাৰ কেতিয়াও বন্ধ কৰিব নালাগে বা ইয়াত তলা লগাব নালাগে। পেলনীয়া সামগ্ৰী নিৰ্গমন পথৰ পৰা আঁতৰত ৰাখিব লাগে। অগ্নিৰ পৰা সুৰক্ষা প্ৰদান কৰা দুৱাৰসমূহে অগ্নিকাণ্ডৰ সময়ছোৱাত বাহিৰলৈ ওলাই যাবলৈয়ে যে অকল ৰাস্তা প্ৰদান কৰে তেনে নহয় বৰং ই জুই আৰু ধোঁৱা বিয়পি যোৱাৰ গতিও মন্থৰ কৰি তোলে।

আপুনি বসবাস কৰা অট্টালিকাৰ অন্য ঠাইত যদি অগ্নিকাণ্ডৰ সূত্ৰপাত হয়

আপুনি আপোনাৰ নিজা ফ্লেটত থকাটো সাধাৰণতে নিৰাপদ উপায়। কিন্তু যদি আপুনি বসবাস কৰা ফ্লেট তাপ বা ধোঁৱাৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ততাতৈয়াকৈ ফ্লেটৰ দুৱাৰ খিড়িকী বন্ধ কৰি তাৰ পৰা আঁতৰি যাব লাগে।

যদি আপুনি সেই স্থানৰ পৰা আঁতৰি যায় নতুবা সেই স্থানত আবদ্ধ হৈ ৰয় তেতিয়া আত্মৰক্ষা কেনেকৈ কৰিব লাগে সেয়া জানিবৰ বাবে ইয়াত উল্লিখিত লিংক অনুসৰণ কৰক: অধিক জানিবৰ বাবে, ইয়াত ক্লিক কৰক